নিৰ্মীয়মান ভৱনৰ গাঁঠনি খহি মৃত্যু ৫ শ্ৰমিকৰ!

বৃহস্পতিবাৰে নিশা পুনেত এটা নিৰ্মীয়মান ভৱনৰ গাঁথনি খহি পৰাৰ ফলত মৃত্যু হয় পাঁচজন শ্ৰমিকৰ। আনহাতে আহত হয় কেইবাজনো শ্ৰমিক । জানিব পৰা মতে, লোহাৰ ৰডৰ এটা গাঁথনিৰ তলত কাম কৰি থকা দহজন শ্ৰমিক হঠাতে গাঁথনিটো খহি পৰাত আৱদ্ধ হৈ পৰে ভগ্নাৱশেষত। পাঁচজন শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰিতে দুজন গুৰুতৰভাৱে আৰু তিনিজন সামান্য আঘাতপ্ৰাপ্ত হৈছে।

ইফালে প্ৰাথমিক অনুসন্ধানত নিৰ্মীয়মান স্থানটোত সাৱধানতামূলক ব্যৱস্থাৰ অভাৱৰ বাবে ঘটনাটো সংঘটিত হৈছিল বুলি পুনে আৰক্ষী উপায়ুক্তই জানিবলৈ দিয়ে। ইতিমধ্যে কৰ্তৃপক্ষই নিৰ্মীয়মান ভৱনৰ গাঁথনি খহি পৰাৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.