মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত আবু বাকাৰক আটক !

১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত আৰু ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ সহযোগী আবু বাকাৰক আটক। ২৯ বছৰ ধৰি অভিযান চলাই ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে আবু বাকাৰক আটক কৰে সংযুক্ত আৰৱ এমিৰেটছ (ইউএই)ত। জানিব পৰা মতে, ইতিমধ্যে ভাৰতৰ অন্যতম ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী বাকাৰৰ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ১৯৯৩ চনৰ বিস্ফোৰণৰ অন্যতম মুখ্য ষড়যন্ত্ৰকাৰী বাকাৰে বাস কৰি আছিল ইউ.এ.ই. আৰু পাকিস্তানত। ১৯৯৭ চনত এই ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ‘ৰেড কৰ্ণাৰ নটিচ’।

উল্লেখ্য যে, বাকাৰক এবাৰ ২০১৯ চনতে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও নথিপত্ৰৰ সমস্যাৰ বাবে সাৰি যাবলৈ সক্ষম হৈছিল। ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত ১২ টা বোমা বিষ্ফোৰণত নিহত হৈছিল ২৫৭ গৰাকী আনহাতে আহত হৈছিল ১,৪০০ লোক ।

You might also like
Leave A Reply

Your email address will not be published.