এটা কালজয়ী গীতৰ জন্ম কথা..
১৯৬২ চনৰ আকস্মিক চীনা আক্ৰমণত ভাৰতীয় সেনা প্ৰভূত ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে বহু বীৰ জোৱানে অকালতে ৰণাংগনত প্ৰাণাহুতি দিব লগা হৈছিল | এই ঘটনাই সমগ্ৰ দেশবাসীকে শোকাহত কৰি তোলাত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিল পৰৱৰ্তী গণতন্ত্ৰ দিৱসত লালকিল্লাৰ বাকৰিত বীৰ সেনানীসকলৰ গৌৰৱগাঁথাৰে এটি সাংস্কৃতিক কাৰ্যসূচী লোৱা হব | সেই অনুসৰি তেতিয়াৰ হিন্দী ছবিজগতৰ প্ৰখ্যাত সংগীত পৰিচালক চি.ৰামচন্দ্ৰ আৰু গীতিকাৰ প্ৰদীপক এটি গীতৰ দায়িত্ব প্ৰদান কৰা হৈছিল | দেশভক্তিমূলক গীত ৰচনাত প্ৰদীপ আছিল অতুলনীয় | তেওঁ কিছুদিনৰ ভিতৰতে এটি গীতৰ মূল অংশৰ লগতে প্ৰায় শতাধিক অন্তৰা লেখি চি.ৰামচন্দ্ৰৰ কাষ পালেগৈ | এই শতাধিক অন্তৰাৰ পৰা মাত্ৰ পাঁচোটা অন্তৰা নিৰ্বাচন কৰি চি.ৰামচন্দ্ৰই সুৰাৰোপন কৰি সিদ্ধান্ত ললে গীতটো তেওঁ আশা ভোঁচলেৰ কন্ঠেৰে লালকিল্লাত পৰিবেশন কৰাব | আচলতে সেই সময়ত লতা মংগেশকাৰ আৰু চি.ৰামচন্দ্ৰৰ মাজত এখন শীতল যুদ্ধ চলি আছিল ,যাৰ বাবে তেওঁ আশা ভোঁচলেক লবলৈ সিদ্ধান্ত লৈছিল | কিন্তু গীতিকাৰ প্ৰদীপে বিচাৰিছিল এই গীতটিত লতা মংগেশকাৰেও কন্ঠদান কৰক | সেয়ে তেওঁ বহু প্ৰযত্নেৰে লতা মংগেশকাৰ আৰু চি.ৰামচন্দ্ৰক সৈমান কৰালে যাতে দুয়োগৰাকীৰ সহযোগত গীতটি প্ৰস্তুত হয় | অন্তিম সিদ্ধান্ত হ’ল, লালকিল্লাত ১৯৬৩ চনৰ ২৬ জানুৱাৰীৰ দিনা লতা মংগেশকাৰ আৰু আশা ভোঁচলে দুয়ো চি.ৰামচন্দ্ৰৰ নিৰ্দেশনাত দ্বৈতভাৱে গীতটি পৰিবেশন কৰিব | মুম্বাইৰ এক স্হানত গীত ৰিহাৰ্চেল আৰম্ভ হ’ল |
২৬ জানুৱাৰীলৈ আৰু মাত্ৰ তিনিদিন বাকী, মুম্বাইৰ পৰা দিল্লীলৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ | মাজনিশা চি.ৰামচন্দ্ৰলৈ এটি ফোনকল আহিল, সিমূৰৰ পৰা থোকাথুকি মাতেৰে কলে, ” মোৰ গা সম্পূৰ্ণ অসুস্হ, মই দিল্লীলৈ যাব নোৱাৰিম | দিদিয়ে অকলেই গীতটো গাব লাগিব |” এই কন্ঠস্বৰটো আছিল আশা ভোঁচলেৰ! এপলক চি.ৰামচন্দ্ৰ থৰ হৈ বহি ৰ’ল | কিন্তু এই অন্তিম মুহুৰ্তত তেওঁৰো কৰিব লগা একো নাছিল | অৱশেষত লালকিল্লাৰ জনবিস্তৃৰ্ণ বাকৰিত লতা মংগেশকাৰে অকলেই পৰিবেশন কৰিলে গীতিকাৰ প্ৰদীপৰ সেই অমৰ সৃষ্টিক, যি দৰ্শকৰ শাৰীত বহি থকা তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ চকুলৈয়ো চকুপানী বোৱাই আনিলে | সেই গীতটি আছিল,”য়ে মেৰে ৱতন কে লগো, জৰা আঁখ ম্যে ভৰলো পানী…”
মহাপ্ৰয়াণৰ দিনটোত লতাজীক সশ্ৰদ্ধ স্মৰণ।।
(লেখক: শান্তনু বৰগোহাঁই)