প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনাৰ পৰা ৰক্ষা পৰিল মণিপুৰ |

প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনাৰ পৰা ৰক্ষা পৰিল মণিপুৰ। মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ সাফল্য। জানিব পৰা মতে, মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত অসম ৰাইফলছৰ কিথেলমানবি বেটেলিয়নে বুধবাৰে বিষ্ণুপুৰ জিলাৰ লেইমাৰাম মাখা লেইকাই গাঁৱত উদ্ধাৰ কৰে সন্ত্ৰাসবাদীৰ এক গোপন আশ্ৰয় শিবিৰ। চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ হয় তিনিটা ৯ এমএম পিষ্টল, দুটা হেণ্ড গ্ৰেনেড, এটা ৰেডিঅ’ ছেট, ছয়টা ডিটোনেটৰকে ধৰি বিশাল অস্ত্ৰ ভাণ্ডাৰ তথা গোলাবাৰুদ ।

উল্লেখ্য যে, মণিপুৰত ২৭ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চ লৈ দুটা পৰ্যায়ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.