সীমান্তত BSFৰ গুলীত নিহত বাংলাদেশী গৰুচোৰ!

মানকাচৰৰ ইন্দো-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত এটা বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰী। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱতি নিশা সীমান্তৰ বেৰৰ ওপৰেৰে বাঁহৰ ক্ৰেইনৰ সহায়ত ভাৰতৰ পৰা বাংলাদেশলৈ গৰু চোৰাংকৈ সৰবৰাহ কৰি থকা অৱস্থাত লোকজনক গুলীয়াই হত্যা কৰে বিএছএফে । নিহত সৰবৰাহকাৰীটোক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰীৰ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বাঁহৰ ক্ৰেইনৰ সহায়ত কেইটামান সৰবৰাহকাৰীয়ে গৰুৰ চোৰাং সৰবৰাহ কৰা অৱস্থাত বিএছএফ জোৱানে সিহঁতৰ পৰিচয়ৰ সোধাত পলাই যাবলৈ চেষ্টা কৰিছিল। ফলত বিএছএফে গুলীচালনা কৰাত আঘাটপ্ৰাপ্ত হয় এটা সৰবৰাহকাৰী। পিছত বিএছএফে আঘাটপ্ৰাপ্তক বচাবলৈ চেষ্টা কৰিছিল যদিও চিকিৎসক অহাৰ পূৰ্বেই সৰবৰাহকাৰীটোৰ মৃত্যু ঘটে।।

You might also like
Leave A Reply

Your email address will not be published.