আজি ১৮ ফেব্ৰুৱাৰী

➡️আজি গাম্বিয়াৰ স্বাধীনতা দিৱস।
➡️এই দিনটোতে খ্ৰীষ্টপূৰ্ব ৩১০২ কলিযুগৰ আৰম্ভ হৈছিল।
➡️১৪৮৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বংগৰ বৈষ্ণৱ কবি চৈতন্যদেৱৰ জন্ম হৈছিল।
➡️১৫৪৬ চনৰ আজিৰ দিনটোতে সংস্কাৰবাদী আন্দোলনৰ নেতা, ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ মৃত্যু হৈছিল।
➡️১৫৬৪ চনৰ এই দিনটোতে ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ মৃত্যু হৈছিল।
➡️১৬৭৮ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ সাহিত্যিক জন বানিয়নৰ প্ৰথম গ্ৰন্থ ‘দি এডভেন্সাৰ্ছঅব হাকলবেৰী ফিন’ৰ প্ৰথম প্ৰকাশ।
➡️১৯১১ চনৰ আজিৰ দিনটোতে বিশ্বত বিমানযোগে ডাক পৰিবহণ ব্যৱস্থা়ৰ সূচনা কৰা হৈছিল। প্ৰথম বিমান ডাক প্ৰেৰণ কৰা হৈছিল এলাহাবাদৰ ওচৰৰ বামৰাওলিৰ পৰা গংগা নদীৰ সিপাৰৰ নাইনিলৈ। দূৰত্ব প্ৰায় ১০ কিলোমিটাৰ (৬মাইল)।
➡️১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে সাহিত্যিক হিতেশ ডেকাৰ জন্ম হৈছিল।
➡️১৯৩১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে নোবেল জয়ী মাৰ্কিন লেখিকা টনি মৰিছনৰ (প্ৰকৃত নাম কোল এন্টনী ৱফোৰ্ড) জন্ম হৈছিল। ১৯৯৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটাৰে সন্মানিত হৈছিল।
➡️১৯৪৫ চনৰ আজিৰ দিনটোতে কলিযুগৰ অন্ত পৰিছিল।
➡️১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বোম্বাই(মুম্বাই)ত নৌ-বিদ্ৰোহ আৰম্ভ হৈছিল। ৭ হাজাৰ ভাৰতীয় নৌ-সেনাৰ এই বিদ্ৰোহত অংশগ্ৰহণ।
➡️১৯৫১ চনৰ আজিৰ দিনটোতে নেপালত সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৯৫৩ চনৰ এই দিনটোতে বিশ্বৰ প্ৰথমখন ত্ৰিমাত্ৰিক ছবি ‘বিৱানা ডেভিল’ৰ মুক্তি।
➡️১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ জন্ম হৈছিল।
➡️১৯৬৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন বিজ্ঞানী ৰবাৰ্ট অপেনহেইমাৰৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.