আজি ১৯ ফেব্ৰুৱাৰী

➡️১৩৮৯ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে দিল্লীৰ টোগলক বংশৰ প্ৰতিষ্ঠাতা গিয়াছুদ্দিন টোগলকৰ (প্ৰকৃত নাম গাজি মালিক) মৃত্যু হৈছিল।
➡️১৬৩০ চনৰ আজিৰ দিনটোতে দাক্ষিণাত্যৰ স্বাধীন মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ছত্ৰপতি শিৱাজীৰ জন্ম হৈছিল। শিৱাজীৰ জন্মৰ পৰম্পৰাগত তাৰিখ হ’ল ১৬২৭ চনৰ ৬ এপ্ৰিল।
➡️১৮৭৮ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে টমাছ আলভা এডিছনৰ গ্ৰামোফোনৰ (ফোনোগ্ৰাফ) পেটেন্ট লাভ। ১৮৭৭ চনত এডিছনে গ্ৰামোফোন উদ্ভাৱন কৰিছিল।
➡️১৮৯১ চনৰ আজিৰ দিনটোতে দৈনিক সংবাদ-পত্ৰ ‘অমৃত বাজাৰ পত্ৰিকা’ৰ প্ৰকাশ। ইয়াৰ আগতে কাকতখন ১৮৬৮ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলা সাপ্তাহিক ৰূপে প্ৰকাশ হৈছিল। ১৮৭৮ চনৰ পৰা কাকতখন ইংৰাজী ভাষাত সাদিনীয়া ৰূপে প্ৰকাশ হ’বলৈ লয়।
➡️১৯১৫ চনৰ এই দিনটোতে জাতীয়তাবাদী নেতা গোপালকৃষ্ণ গোখলেৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ আজিৰ দিনটোতে টেলিভিছনত প্ৰথমবাৰৰ বাবে ধুমপানবিৰোধী বিজ্ঞাপন সম্প্ৰচাৰ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.