চোমালিয়াত ভয়ংকৰ আত্মঘাতি বোমা বিস্ফোৰণ!

চোমালিয়াত ভয়ংকৰ আত্মঘাতি বোমা বিস্ফোৰণ। জানিব পৰা মতে, আফ্ৰিকা মহাদেশৰ চোমালিয়াৰ বেলেডৱেইন চহৰত সংঘটিত হয় এক ভয়ংকৰ আত্মঘাতি বোমা বিস্ফোৰণ। আত্মঘাতি বোমা বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ বিপৰিতে আহত হয় ১৫ জন কৈ লোক। চহৰখনৰ হাছান ধিফ ৰেষ্টুৰেণ্টত কঁকালত বিস্ফোৰক ভেষ্ট মেৰিয়াই এজন আত্মঘাতি বোমাৰুৱে নিজকে উৰুৱাই দিছিল। উল্লেখ্য যে, বেলেডৱেইন চহৰত প্ৰায় ২৫ জন আইন প্ৰণেতাৰ নিৰ্বাচনৰ বাবে একত্ৰিত হৈছিল বহুতো প্ৰতিনিধি।

ইফালে শেহতীয়া আক্ৰমণৰ বাবে কোনো গোটে স্বীকাৰ কৰা নাই দায়বদ্ধতা। উল্লেখ্য যে, আল-চাবাব সন্ত্ৰাসবাদী গোটে প্ৰায়ে মোগাদিছু আৰু সমগ্ৰ চোমালিয়াৰ আন ঠাইত সংঘটিত কৰি আহিছে এনে আক্ৰমণ ।

You might also like
Leave A Reply

Your email address will not be published.