নাইজাৰৰ ওপৰত নাইজেৰিয়াৰ এয়াৰ ষ্ট্ৰাইক!

নাইজাৰৰ ওপৰত নাইজেৰিয়াৰ এয়াৰ ষ্ট্ৰাইক।জানিব পৰা মতে, নাইজাৰত নাইজেৰিয়ান সেনাই নিষিদ্ধ সশস্ত্ৰ সংগঠনবোৰৰ লক্ষ্য কৰি সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকত নিহত হৈছে সাতটিকৈ শিশু । আনহাতে এয়াৰ ষ্ট্ৰাইকত আহত হৈছে আন কেইবাজনো শিশু।নাইজেৰিয়াৰ সীমান্তৰ পৰা কেই কিলোমিটাৰ দূৰত্বত নাইজাৰৰ মাৰাদি অঞ্চলৰ নাচাদে গাঁৱত সংঘটিত হৈছে এই এয়াৰ ষ্ট্ৰাইক। খৱৰটো সদৰি কৰিছে মাৰাদিৰ গৱৰ্ণৰ চাইবৌ আবুবাকাৰে। ইফালে নাইজেৰিয়াৰ সশস্ত্ৰ বাহিনীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে বুলি জানিবলৈ দিছে।

উল্লেখ্য যে, নাইজাৰ আৰু নাইজেৰিয়াই অঞ্চলটোত অপহৰণ আৰু হত্যাৰ বাবে জগৰীয়া সশস্ত্ৰ সংগঠনবোৰৰ বিৰুদ্ধে চলাই আহিছে যুটীয়া সামৰিক অভিযান ।।

You might also like
Leave A Reply

Your email address will not be published.