নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩৬ গৰাকী লোক। ইয়াৰে ১৮ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ২ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৭৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৪ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১৫,১০২ গৰাকী ।মৃত্যুমুখত পৰিছে ২৭৮ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১.২৮ শতাংশ।