নিৰ্বাচনৰ পূৰ্বে ৰক্ষা পৰিল মণিপুৰ।

প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনাৰ পৰা ৰক্ষা পৰিল মণিপুৰ। জানিব পৰা মতে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাইফলছৰ সৈন্যই ম্যানমাৰ সীমান্তৰ মোৰেহৰ বেটুক গাঁৱৰ ওচৰত উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰীসহ ছয়টা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) । অসম ৰাইফলছৰ মৰেহ বেটেলিয়নে এক গোপন সূত্ৰৰ জৰিয়তে বুধবাৰে ম্যানমাৰৰ পৰা ভাৰতলৈ মটৰ চাইকেল চলাই অহা এজন সন্দেহজনক লোকক এটা কাঠৰ বাকচৰ সৈতে আটক কৰে। অসম ৰাইফলছৰ সৈনিকে প্ৰত্যাহ্বান জনোৱাত সন্দেহজনক ব্যক্তিজনে কাঠৰ বাকচটো পেলাই ম্যানমাৰলৈ পলাই যায়। জব্দকৃত কাঠৰ বাকচৰ পৰা কৰ্টেক্স, বৈদ্যুতিক তাঁৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৈতে ছয়টা আইইডি উদ্ধাৰ কৰে অসম ৰাইফলছৰ সৈন্যসকলে। আইইডিবোৰ মণিপুৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। জব্দকৃত আইইডি আৰু বিস্ফোৰক সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ বাবে মোৰেহ আৰক্ষীক হস্তান্তৰ কৰে সেনাই।

উল্লেখ্য যে, মণিপুৰত দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব। ভোটগণনা অনুষ্ঠিত হ’ব ১০ মাৰ্চত ।

You might also like
Leave A Reply

Your email address will not be published.