আজি ১ মাৰ্চ

➡️১৫৮২ চনৰ ১ মাৰ্চ তাৰিখে খ্ৰীষ্টপূৰ্ব ৪৬ত জুলিয়াছ ছিজাৰে প্ৰৱৰ্তন কৰা কেলেণ্ডাৰৰ কিছু সাল-সলনি ঘটাই খ্ৰীষ্টিয় পোপ ত্ৰয়োদশ গ্ৰেগৰীয়ে আধুনিক ৰূপ প্ৰদান কৰিছিল। বৰ্তমান প্ৰচলিত এই কেলেণ্ডাৰ ‘জুলিয়ান এণ্ড গ্ৰেগৰিয়ান কেলেণ্ডাৰ’ নামে পৰিচিত।
➡️১৬৪০ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাদ্ৰাজত ব্যৱসায়ীক কেন্দ্ৰ স্থাপনৰ অনুমতি লাভ। এই ঠাইৰ নাম কেইবাবাৰো সলনি হয়। প্ৰথমতে ইয়াৰ নাম আছিল ৰংগৰজা পট্টনম, তাৰ পিছত চেন্না পট্টনম, তাৰ পিছত মাদ্ৰাজ পট্টম আৰু শেষত মাদ্ৰাজ। ইয়াতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰে ছে’ণ্ট জৰ্জ দুৰ্গ, যি পাছলৈ হোৱাইট টাউন নামে পৰিচিত হয়। এই অঞ্চলেই আছিল ইংৰাজে অধিকাৰ কৰা ভাৰতৰ প্ৰথম ভূখণ্ড।
➡️১৯০৮ চনৰ এই দিনটোতে জামছেদপুৰত ভাৰতৰ প্ৰথমটো ইস্পাত কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টিল’ কোম্পানী প্ৰতিষ্ঠা হৈছিল। ১৯১১ চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হয়।
➡️১৯১৯ চনৰ ১ মাৰ্চ তাৰিখে কুখ্যাত ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ সত্যাগ্ৰহ ঘোষণা।
➡️১৯৩২ চনৰ এই দিনটোতে সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল।
➡️১৯৩৫ চনৰ আজিৰ দিনটোতে নাট্যকাৰ, সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম হৈছিল।
➡️১৯৬৯ চনৰ ১ মাৰ্চ তাৰিখে নতুন দিল্লী আৰু হাওৰাৰ মাজত অতি দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লসেৱা আৰম্ভ হৈছিল। এইখনেই ভাৰতৰ প্ৰথম ছুপাৰফাষ্ট ৰেল।
➡️১৯৯২ চনৰ আজিৰ দিনটোতে বছনিয়া-হাৰজেগোৱিনাৰ স্বাধীনতা লাভ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ সৰু কলেৱৰত সান্ধ্য দৈনিক ৰূপে প্ৰকাশ পাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.