আজি ২ মাৰ্চ

➡️১৯০৬ চনৰ ২ মাৰ্চ তাৰিখে সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ জন্ম হৈছিল।
➡️১৯৩০ চনৰ আজিৰ দিনটোতে ইংৰাজ উপন্যাসিক, কবি, গল্পকাৰ ডি এইচ লৰেন্সৰ ফ্ৰান্সত মৃত্যু হৈছিল। সম্পূৰ্ণ নাম ডেভিড হাৰ্বাৰ্ট লৰেন্স।
➡️১৯৩১ চনৰ এই দিনটোতে পূৰ্বৰ ছোভিয়েট ৰাচিয়াৰ ভূতপূৰ্ব ৰাষ্ট্ৰপ্ৰধান মিখাইল গৰ্বাচেভৰ জন্ম হৈছিল।
➡️১৯৩৮ চনৰ ২ মাৰ্চ তাৰিখে ৰোমান্টিক কবি, অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল।
➡️১৯৪৯ চনৰ আজিৰ দিনটোতে সৰেজিনী নাইডুৰ মৃত্যু হৈছিল।
➡️১৯৮২ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ আটাইতকৈ দীঘল পথ দলং মহাত্মা গান্ধী সেতু মুকলি কৰা হৈছিল। বিহাৰৰ পাটনাত গংগা নদীৰ ওপৰত নিৰ্মিত এই দলঙৰ দৈৰ্ঘ্য ৫.৫৭৫ কিলোমিটাৰ।
➡️২০০১ চনৰ এই দিনটোতে আফগানিস্তানৰ তালিবান চৰকাৰৰ দ্বাৰা দেশখনত থকা প্ৰাচীন বুদ্ধ মুৰ্তি ধ্বংস।।

You might also like
Leave A Reply

Your email address will not be published.