আজি ৩ মাৰ্চ

➡️আজি বুলগেৰিয়াৰ স্বাধীনতা দিৱস।
➡️আজি মৰক্কোৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৭০৭ চনৰ ৩ মাৰ্চ তাৰিখে মোগল সম্ৰাট ঔৰংগজেৱৰ মৃত্যু হৈছিল। তেওঁৰ পুত্ৰ মুৱজ্জমৰ প্ৰথম বাহাদুৰ শ্বাহ নামেৰে ৰাজপাটত আৰোহণ।
➡️১৮৩৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট উদ্যোগপতি তথা ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ৰ প্ৰতিষ্ঠাপক জামছেদজী এন টাটাৰ জন্ম হৈছিল।
➡️১৮৪৭ চনৰ এই দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী, টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ জন্ম হৈছিল।
➡️১৯১৯ চনৰ আজিৰ দিনটোতে মাৰাঠী সাহিত্যিক হৰি নাৰায়ণ আপ্তেৰ মৃত্যু হৈছিল।
➡️১৯৩৭ চনৰ ৩ মাৰ্চ তাৰিখে ঔপন্যাসিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ জন্ম হৈছিল।
➡️১৯৯৩ চনৰ এই দিনটোতে মুখেৰে পলিঅ’ ঔষধ সেৱনৰ আৱিষ্কাৰক এলবাৰ্ট ছোবিনৰ মৃত্যু হৈছিল।
➡️১৯৯৫ চনৰ ৩ মাৰ্চ তাৰিখে অসমীয়া দৈনিক বাতৰিকাকত ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰকাশ। প্ৰচলন সংখ্যা এক লাখ অতিক্ৰম কৰা এইখনেই অসমৰ প্ৰথম বাতৰিকাকত। কাকতখন একে সময়তে গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু বঙাইগাঁৱৰ পৰা প্ৰকাশ হয়।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে মেহতা গৱেষণা প্ৰতিষ্ঠানৰ অশোক সেনক বৈজ্ঞানিক গৱেষণাৰ বাবে জি ডি বিৰলা বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০১ চনৰ ৩ মাৰ্চ তাৰিখে বিশ্বজুৰি আফগানিস্তানত তালিবানৰ বুদ্ধ মূৰ্তি ধ্বংসৰ প্ৰতিবাদত বিক্ষোভ।
➡️২০০২ চনৰ এই দিনটোতে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত লোকসভাৰ তদানীন্তন অধ্যক্ষ জি এচ চি বালাযোগীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.