আজি ৪ মাৰ্চ

➡️আজি ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
➡️১১৫২ চনৰ ৪ মাৰ্চ তাৰিখে জাৰ্মানীত তৃতীয় কনৰাডৰ ভতিজাক প্ৰথম ফ্ৰেডেৰিকৰ সাম্ৰাজ্যাভিষেক। এওঁ জাৰ্মানীৰ একত্ৰীকৰণ কৰিছিল।
➡️১৮৭৯ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰসিদ্ধ বেথুন কলেজ প্ৰতিষ্ঠা হৈছিল। ব্ৰিটেইনৰ বাহিৰত ব্ৰিটিছ সাম্ৰাজ্যৰ এইখনেই প্ৰথম মহিলা কলেজ।
➡️১৮৯২ চনৰ এই দিনটোতে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল।
➡️১৯৫১ চনৰ ৪ মাৰ্চ তাৰিখে নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হৈছিল। ১১খন দেশৰ ৪৮গৰাকী প্ৰতিযোগীয়ে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে কবি অজিত বৰুৱাক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৪ চনৰ ৪ মাৰ্চ তাৰিখে বিশিষ্ট সাহিত্যিক আৰু সমাজ সেৱিকা চিত্ৰলতা ফুকনক ২০০৩ চনৰ প্ৰবীণা শইকীয়া বঁটা প্ৰদান কৰা হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে সোণোৱাল কছাৰী, দেউৰী জনগোষ্ঠীলৈ অসমৰ দহখন জিলা সামৰি স্বায়ত্ত শাসনৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.