আজি ৬ মাৰ্চ

➡️আজি ঘানাৰ স্বাধীনতা দিৱস।
➡️১৪৭৫ চনৰ ৬ মাৰ্চ তাৰিখে ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ জন্ম হৈছিল।
➡️১৫০৮ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট হুমায়ুনৰ জন্ম হৈছিল।
➡️১৫২১ চনৰ ৬ মাৰ্চ তাৰিখে ফাৰ্ডিনাণ্ড মেগেলানৰ ফিলিপাইন দ্বীপপুঞ্জৰ আৱিষ্কাৰ।
➡️১৯১৫ চনৰ এই দিনটোতে বংগৰ শান্তি নিকেতনত মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম সাক্ষাৎ।
➡️১৯৬১ চনৰ আজিৰ দিনটোতে ‘টাইমছ অব ইণ্ডিয়া’ কাকত গোষ্ঠীৰ উদ্যোগত ভাৰতৰ প্ৰথমখন অৰ্থনীতি বিষয়ক বাতৰি কাকত ‘দ্য ইকনমিক টাইমছ’ৰ প্ৰকাশ।
➡️১৯৭১ চনৰ ৬ মাৰ্চ তাৰিখে সুনীল গাভাস্কাৰে প্ৰথম টেষ্ট খেলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
➡️১৯৭৩ চনৰ আজিৰ দিনটোতে বিশিষ্ট মাৰ্কিন লেখিকা পাৰ্ল এছ বাকৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ ৬ মাৰ্চ তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ পদত্যাগ। ২১ জুনলৈকে অৱশ্যে তেওঁ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৫ চনৰ এই দিনটোতে প্ৰথমজন ভাৰতীয় ৰূপে ফৰ্মূলা ৱান ৰেচত নাৰায়ণ কাৰ্তিকেয়নৰ অন্তৰ্ভূক্তি।।

You might also like
Leave A Reply

Your email address will not be published.