আজি ১২ মাৰ্চ

➡️এই দিনটো গেবনৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।
➡️আজি মৰিচাছৰ স্বাধীনতা দিৱস।
➡️১৯৫৪ চনৰ ১২ মাৰ্চ তাৰিখে সাহিত্য অকাডেমী প্ৰতিষ্ঠা কৰিছিল।
➡️১৯৭৮ চনৰ আজিৰ দিনটোতে অসমত জনতা দলৰ চৰকাৰ গঠন হৈছিল।
➡️১৯৯৩ চনৰ এই দিনটোতে মুম্বাই (বোম্বাই) ষ্টক এক্সচেঞ্জ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত আততায়ীয়ে বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।বিস্ফোৰণত প্ৰায় ৩০০ লোক নিহত, সহস্ৰাধিক লোক আহত আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।
➡️১৯৯৯ চনৰ ১২ মাৰ্চ তাৰিখে কুৰি শতিকাৰ বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ তথা প্ৰসিদ্ধ বেহেলাবাদক ইহুদী মেনুহিনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.