ভূপালত ছয় সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।

ভূপালত ছয় সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ।দেওবাৰে আৰক্ষীয়ে মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ ভূপালত গ্ৰেপ্তাৰ কৰে ছয়জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক। প্ৰাপ্ত খৱৰ অনুসৰি, আটকাধীন সন্দেহযুক্ত সন্ত্ৰাসবাদীকেইটা চহৰখনৰ ফাতিমা মছজিদৰ ওচৰৰ এটা ভাড়াঘৰত বাস কৰি আছিল । উল্লেখ্য যে, উক্ত ভাৰাঘৰটো আইশবাগ আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত।আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বন্দুক, বিস্ফোৰক সামগ্ৰীসহ লেপটপ উদ্ধাৰ কৰে। ইফালে, চহৰখনৰ বাহিৰৰ কাৰোণ্ড অঞ্চলত আন এক অভিযান চলায় মডিউল নামৰ এটা সন্ত্ৰাসবাদীক জিম্মাত লয় আৰক্ষীয়ে। আটকাধীন সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটাক এটা অজ্ঞাত স্থানত জেৰা কৰি থকা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.