আজি ১৭ মাৰ্চ

➡️১৬৬২ চনৰ এই দিনটোতে মিৰজুমলাৰ অসম আক্ৰমণ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৰাজয় আৰু পলায়ন।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতত আই এছ আই (ISI: Indian standard institution) নিয়ন্ত্ৰন আইন বলবৎ কৰা হৈছিল।
➡️১৯৫৬ চনৰ ১৭ মাৰ্চ তাৰিখে ফৰাচী পদাৰ্থবিদ ইৰেন জেলিঅ’ কুৰীৰ মৃত্যু হৈছিল। প্ৰসিদ্ধ ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ কন্যা ইৰেনে ১৯৩৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ মৃত্যু হৈছিল।
➡️১৯৮৯ চনৰ এই দিনটোতে বিশিষ্ট জাতীয়তাবাদী নেতা হেমৱতী নন্দন বহুগুণাৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ ১৭ মাৰ্চ তাৰিখে লোকনাথ মিশ্ৰ অসমৰ ৰাজ্যপাল হৈছিল। ১৯৯৭ চনৰ ৩১ আগষ্টলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ অচ্যুত লহকৰক কমল কুমাৰী বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.