প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ নতুন দিল্লী ভ্ৰমণ!

চলিত ইউক্ৰেইনৰ সংকটৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ দুদিনীয়া নতুন দিল্লী ভ্ৰমণ। দুদিনীয়া এই ভ্ৰমণ সূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত বহাৰ উপৰিও চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই।এই সন্মিলনে দুয়োপক্ষক বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু সম্বন্ধ শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰত মত বিনিময় প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিব। প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে দুই দেশৰ অংশীদাৰীত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত নিজৰ ভূমিকাৰ ওপৰতো মত প্ৰকাশ কৰিব।উল্লেখ্য যে, পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনত ইয়াৰ সামৰিক অভিযানৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ মাজতে বিশেষ গুৰুত্ব লাভ কৰিছে কিছিদাৰ ভাৰত ভ্ৰমণে ।

You might also like
Leave A Reply

Your email address will not be published.