➡️আজিৰ দিনটো দিন-ৰাতি সমান।
➡️আজিৰ দিনটো বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৩৬ চনৰ ২১ মাৰ্চ তাৰিখে কলকাতাত ভাৰতৰ প্ৰথমটো ৰাজহুৱা পুথিভঁৰাল কলকাতা পাব্লিক লাইব্ৰেৰী মুকলিকৰা হৈছিল। ১৯০৩ চনৰ ৩০ জানুৱাৰীত এইটো পুথিভঁৰাল ইম্পেৰিয়েল লাইব্ৰেৰীৰ লগত চামিল হয়।
➡️১৯১৬ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত চেহনাই বাদক বিছমিল্লা খানৰ জন্ম হৈছিল।
➡️১৯২১ চনৰ এই দিনটোতে ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা গৃহীত কৰা হৈছিল।
➡️১৯৯০ চনৰ ২১ মাৰ্চ তাৰিখে নামিবিয়াই স্বাধীনতা লাভ কৰিছিল।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ (১৭ দিন ২২ ঘণ্টা) ট্ৰায়াথলন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। এই প্ৰতিযোগিতা ৪ এপ্ৰিললৈকে চলে।
➡️২০০৬ চনৰ এই দিনটোতে বিশিষ্ট শিশু সাহিত্যিক (এণ্ডি খুৰা নামেৰে জনপ্ৰিয়) ডাঃ নগেন দত্তৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২১ মাৰ্চ
Prev Post
Next Post
You might also like