অসম ৰাইফলছ আৰু এন এছ চি এন (আই এম)ৰ মাজত ভয়ংকৰ সংঘৰ্ষ!

অৰুণাচল প্ৰদেশত অসম ৰাইফলছ আৰু এন এছ চি এন (আই এম)ৰ মাজত ভয়ংকৰ সংঘৰ্ষ। প্ৰাপ্ত খৱৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ খুনচাৰ কোলাগাও অঞ্চলত ছয় নং অসম ৰাইফলছ আৰু এন এছ চি এনৰ (আই এম) গোটৰ মাজত সংঘটিত হয় এই তুমুল সংঘৰ্ষ । দুয়োপক্ষৰ সংঘৰ্ষত উগ্ৰপন্থী সংগঠনটোৰ ২ টা কেডাৰ নিহত হোৱাৰ লগতে নিৰাপত্তা বাহিনীৰ হাতত আটক হয় আন এক কেডাৰ। আনহাতে এগৰাকী স্থানীয় লোকো আঘাটপ্ৰাপ্ত হয় এই সংঘৰ্ষত। জানিব পৰা মতে, অঞ্চলটোত ধনদাবী আৰু বিভিন্ন কূটাঘাট মূলক কাম কাজ সংঘটিত কৰাৰ উদ্দেশ্যেৰে সংগঠনটোৰ এটা দলে বাঁহৰ পাতি থকাৰ তথ্য লাভ কৰি আচাম ৰাইফলছে তেওঁলোকৰ বিৰুদ্ধে গাঁওখনত অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই সংঘৰ্ষ। উল্লেখযোগ্য যে সংঘৰ্ষ স্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে ৩ টা ৰাইফলসহ সজীৱ গুলি। আনহাতে বৰ্তমানেও উক্ত অঞ্চলত অসম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.