এই দিনটো পাকিস্তানৰ জাতীয় দিৱস হিচাপে পালন কৰা হয়।
আজিৰ দিনটো বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।
১৭৫৭ চনৰ ২৩ মাৰ্চ তাৰিখে ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ ফৰাচীৰ হাতৰ পৰা চন্দন নগৰ দখল।
১৮৩৬ চনৰ আজিৰ দিনটোতে অসমলৈ ছপাশালৰ আগমন হৈছিল। এই দিনটোতে নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ এটা ছপাশালসহ অসমত উপস্থিত হয়হি।
১৮৯৮ চনৰ এই দিনটোতে কবি নলিনীবালা দেৱীৰ জন্ম হৈছিল।
১৯১০ চনৰ ২৩ মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশৰ আকবৰপুৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ জন্ম হৈছিল।
১৯২৪ চনৰ আজিৰ দিনটোতে সাহিত্যিক বীৰেন বৰকটকীৰ জন্ম হৈছিল।
১৯৩১ চনৰ ২৩ মাৰ্চ তাৰিখে এজন ব্ৰিটিছ কনিষ্টবলক হত্যা কৰাৰ অপৰাধত দুজন সহযোগীৰ (সুখদেৱ আৰু শিৱৰাম) সৈতে ভগৎ সিঙৰ ফাঁচী হৈছিল।
১৯৪০ চনৰ এই দিনটোতে মুছলিম লীগৰ পাকিস্তান গঠনৰ প্ৰস্তাৱ গ্ৰহণ।
১৯৯৯ চনৰ আজিৰ দিনটোতে গল্পকাৰ, ঔপন্যাসিক প্ৰবীণা শইকীয়াৰ মৃত্যু হৈছিল।
১৯৯৯ চনৰ ২৩ মাৰ্চ তাৰিখে স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসক ‘পদ্মভূষণ’ সন্মান প্ৰদান কৰা হৈছিল।
২০০০ চনৰ আজিৰ দিনটোতে অসমৰ শৰীৰ-চৰ্চাবিদ বিজিৎ গগৈৰ ভাৰতশ্ৰী সন্মান লাভ।
২০০৩ চনৰ এই দিনটোতে বিশ্বকাপ ক্ৰিকেটত তেণ্ডুলকাৰৰ ‘মেন অব দা টুৰ্নামেন্ট’ৰ খিতাপ অৰ্জন। ভাৰতক হৰুৱাই এই বিশ্বকাপত অষ্টেলিয়া চেম্পিয়ন হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৩ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like