আজি ২৪ মাৰ্চ

➡️আজিৰ দিনটো বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়।
➡️১৬০৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ মৃত্যু হৈছিল।
➡️১৮৫৫ চনৰ এই দিনটোতে কলকাতা-আগ্ৰাৰ মাজত প্ৰথম দীৰ্ঘ দূৰত্বৰ টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল।
➡️১৮৭৪ চনৰ ২৪ মাৰ্চ তাৰিখে পৃথিৱীৰ প্ৰসিদ্ধ যাদুকৰ হেৰী হুডনীৰ জন্ম হৈছিল।
➡️১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ প্ৰাচ্যতত্ত্ববিদ তথা কবি এডুইন আৰ্নল্ডৰ জন্ম হৈছিল। ‘লাইট অব এছিয়া’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️১৯০৫ চনৰ ২৪ মাৰ্চ তাৰিখে কল্পবিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্নেৰ মৃত্যু হৈছিল।
➡️১৯৪৭ চনৰ এই দিনটোতে লৰ্ড মাউণ্টবেটেনৰ ভাৰতৰ অন্তিম ভাইচৰয় ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️১৯৮৫ চনৰ আজিৰ দিনটোতে অসমৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ নিজাববীয়া অনুষ্ঠানৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। প্ৰথম অনুষ্ঠানটো আছিল এটি সত্ৰীয়া নৃত্যানুষ্ঠান।।

You might also like
Leave A Reply

Your email address will not be published.