তীব্ৰ জোকাৰণিয়ে কঁপালে অৰুণাচল!

তীব্ৰ জোকাৰণিয়ে কঁপালে অৰুণাচল প্ৰদেশ। শুকুৰবাৰে নিশা প্ৰায় ৯.৫১ বজাত অৰুণাচল প্ৰদেশত সংঘটিত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ৫.১ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্পটো । এই কথা সদৰি কৰিছে নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)য়ে।ভূমিকম্পটো অৰুণাচল প্ৰদেশৰ পাংগিন অঞ্চলৰ উত্তৰে ১,১৭৪ কিলোমিটাৰ উচ্চতাত সংঘটিত হয়। ভূমিকম্পৰ ফলত কোনো প্ৰাণহানি অথবা সম্পত্তিৰ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।।

You might also like
Leave A Reply

Your email address will not be published.