আজি ২৮ মাৰ্চ

➡️১৬৪৫ চনৰ ২৮ মাৰ্চ তাৰিখে সপ্তম শিখ গুৰু হৰগোবিন্দৰ জীৱনাৱসান ঘটে।
➡️১৮৬২ চনৰ আজিৰ দিনটোতে ফৰাচী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ জন্ম হৈছিল। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতি স্বৰূপে তেওঁ লাভ কৰে ১৯২৬ চনৰ শান্তিৰ নোবেল বঁটা।
➡️১৮৬৮ চনৰ এই দিনটোতে ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ (প্ৰকৃত নাম এলেক্সি মেক্সিম’ভি পেশ্বকভ) জন্ম হৈছিল।
➡️১৯৮২ চনৰ ২৮ মাৰ্চ তাৰিখে মাৰ্কিন বিজ্ঞানী উইলিয়াম ফ্ৰান্সিছ গিয়ায়ুকৰ মৃত্যু হৈছিল। ১৯৪৯ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯৯ চনৰ ২৮ মাৰ্চ তাৰিখে ভাৰতত বিধ্বংসী ভূমিকম্পত শতাধিক লোকৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ এই দিনটোতে টাইৱানত চীনাবিৰোধী লোকৰ অভূতপূৰ্ব সমদলত কেইবালাখ লোকে অংশগ্ৰহণ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.