আজি ২৯ মাৰ্চ

➡️১৮২৭ চনৰ ২৯ মাৰ্চ তাৰিখে বিশ্বৰ প্ৰসিদ্ধ সংগীতজ্ঞ তথা সুৰকাৰ বিথোভেনৰ (সম্পূৰ্ণ নাম লুডউইগ ভান বিথোভেন) মৃত্যু হৈছিল।
➡️১৮৫৭ চনৰ আজিৰ দিনটোতে বেৰেকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেৰ গুলীচালনাত এজন ইংৰাজ সেনা বিষয়াৰ মৃত্যু হৈছিল।
➡️১৯২৭ চনৰ এই দিনটোতে ব্ৰিটিছ জীৱবিজ্ঞানী জন আৰ ভানৰ জন্ম হৈছিল। ১৯৮২ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে ।
➡️১৯৩১ চনৰ ২৯ মাৰ্চ তাৰিখে কৰাচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৫তম অধিৱেশন আৰম্ভ হৈছিল। তিনিদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে।
➡️১৯৪৩ চনৰ আজিৰ দিনটোতে সৰ্বকনিষ্ঠ ব্ৰিটিছ প্ৰধান মন্ত্ৰী জন মেজৰৰ জন্ম হৈছিল।
➡️১৯৯১ চনৰ ২৯ মাৰ্চ তাৰিখে পৃথিবীৰ অন্যতম প্ৰাচীন কমিউনিষ্ট দল ব্ৰিটেইনৰ কমিউনিষ্ট পাৰ্টীৰ নাম সলনি কৰা হৈছিল। নতুন নাম দিয়া হৈছিল ডেমক্ৰেটিক লেফট।
➡️২০০৫ চনৰ এই দিনটোতে ইণ্ডোনেছিয়াত সংঘটিত ভয়ংকৰ ভূমিকম্পত সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.