ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ!

ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ!দুদিনীয়া চীন ভ্ৰমণ সমাপ্ত কৰাৰ পিছত বৃহস্পতি বা শুকুৰবাৰে লাভৰভে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালচোৱাত ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু সামৰিক হাৰ্ডৱেৰ ক্ৰয় কৰাৰ বাবে পৰিশোধ প্ৰণালীৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ২৪ ফেব্ৰুৱাৰীত মস্কোৱে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ পিছত এইটো ৰাছিয়াৰ পৰা ভাৰতলৈ সৰ্বোচ্চ পৰ্যায়ৰ ভ্ৰমণ হ’ব। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় বা ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ দ্বাৰা প্ৰস্তাৱিত ভ্ৰমণ সম্পৰ্কে আনুষ্ঠানিকভাবে সদৰি কৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.