আজি ইৰানৰ ৰাষ্ট্ৰীয় দিৱস।
এই দিনটো এপ্ৰিল ফুল ডে’ হিচাপে পালন কৰা হয়।
১৫৭৮ চনৰ ১ এপ্ৰিল তাৰিখে ইংৰাজ চিকিৎসা বিজ্ঞানী, ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম হাৰ্ভেৰ জন্ম হৈছিল।
১৮১৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ জন্ম হৈছিল।
১৮৬৯ চনৰ এই দিনটোতে আঢ়ৈ কোটি টকাৰ বাজেট ঘাটি পুৰাবলৈ ভাৰতত প্ৰথমবাৰৰ বাবে আয়কৰৰ প্ৰচলন কৰা হৈছিল।
১৯১২ চনৰ ১ এপ্ৰিল তাৰিখে ভাৰতৰ ৰাজধানী আনুষ্ঠানিকভাৱে কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হৈছিল।
১৯২৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল।
১৯৩৫ চনৰ এই দিনটোতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ কাম-কাজ আৰম্ভ হৈছিল।
১৯৩৬ চনৰ ১ এপ্ৰিল তাৰিখে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল। আনুষ্ঠানিক প্ৰমাণ-পত্ৰৰ হিচাপত তৰুণ গগৈৰ জন্ম ১৯৩৬ চনৰ ১ এপ্ৰিলত যদিও গগৈয়ে প্ৰকৃততে ১৯৩৫ চনৰ ১১ অক্টোবৰতহে জন্ম গ্ৰহণ কৰিছিল। সেয়েহে দীৰ্ঘদিন ধৰি তেওঁৰ দুয়োটা জন্মদিনেই পালন কৰি অহা হৈছে।
১৯৫৭ চনৰ এই দিনটোতে ভাৰতত প্ৰথমবাৰৰ বাবে নয়া পইচাৰ প্ৰচলন হৈছিল।
১৯৬৯ চনৰ আজিৰ দিনটোতে মুম্বাইৰ ওচৰৰ তাৰাপুৰত ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ শক্তিকেন্দ্ৰ মুকলি কৰা হৈছিল।
১৯৭৯ চনৰ ১ এপ্ৰিল তাৰিখে পাকিস্তানত জুলফিকৰ আলী ভূট্টোৰ ফাঁচি হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like