১৭৫৫ চনৰ ১০ এপ্ৰিল তাৰিখে হোমিঅ’পেথী চিকিৎসা পদ্ধতিৰ জন্মদাতা জাৰ্মানীৰ ছেমুৱেল হেনিমেনৰ জন্ম হৈছিল।
১৮৭৫ চনৰ এই দিনটোতে বোম্বাইত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে।
১৯৫৪ চনৰ ১০ এপ্ৰিল তাৰিখে বিশ্বত চলচ্চিত্ৰ শিল্পৰ অন্যতম প্ৰতিষ্ঠাতা ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ আগষ্ট লুমিয়েৰৰ মৃত্যু হৈছিল।
১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ বহুমূখী উপগ্ৰহ ‘ইনছাট-১এ’ক আমেৰিকা যুক্তৰাজ্যৰ কেপ কাৰ্নাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ। ইয়াৰ আয়ুসকাল ৭ বছৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও উৎক্ষেপণৰ মাত্ৰ ৫ মাহৰ ভিতৰতে ইনছাট-১এ বিকল হৈ পৰে।
১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু হৈছিল।
২০০৩ চনৰ এই দিনটোতে ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ‘ইনছাট-৩এ’ৰ সফল উৎক্ষেপণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১০ এপ্ৰিল
Prev Post
Next Post
You might also like