জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত লস্কৰ-ই-তৈবাৰ তিনি দূৰ্ধৰ্ষ উগ্ৰপন্থী!

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা।কাশ্মীৰৰ বাৰামুলা জিলাৰ সোপোৰ অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ তিনিটাকৈ দূৰ্ধৰ্ষ উগ্ৰপন্থী। ধৃত ৩ উগ্ৰপন্থী তুফাইল মজিদ মীৰ, ওৱাইছ আহমেদ মীৰ আৰু শবীৰ আহমেদ ৱাগে বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে ধৃত সন্ত্ৰাসবাদীৰ পৰা ৩ টা পিষ্টল, মেগজিন, ১ টা গ্ৰেনেড, আপত্তিজনক সামগ্ৰীসহ ৭৯,৮০০ টকা নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

You might also like
Leave A Reply

Your email address will not be published.