আজি ১৫ এপ্ৰিল

➡️আজিৰ দিনটো আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস হিচাপে পালন কৰা হয়।
➡️১৯১২ চনৰ এই দিনটোতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈছিল বিলাসবহুল জাহাজ টাইটানিক। ১,৫১৩ যাত্ৰীৰ মৃত্যু হৈছিল।
➡️১৪৫২ চনৰ ১৫ এপ্ৰিল তাৰিখে ইটালীৰ শিল্পী, বিজ্ঞানী লিঅ’নাৰ্ডো ডা-ভিন্সিৰ জন্ম হৈছিল।
➡️১৪৬৯ চনৰ আজিৰ দিনটোতে শিখ ধৰ্ম প্ৰচাৰক গুৰু নানকৰ জন্ম হৈছিল।
➡️১৮৬৫ চনৰ এই দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ গুলীবিদ্ধ হৈ মৃত্যু হৈছিল।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰায় ত্ৰিশখন দেশীয় ৰাজ্যক লৈ হিমাচল প্ৰদেশ গঠন কৰিছিল।
➡️১৯৮০ চনৰ এই দিনটোতে ফৰাচী লেখক জাঁ-পল ছাৰ্ত্ৰেৰ মৃত্যু হৈছিল।
➡️১৯৮৪ চনৰ ১৫ এপ্ৰিল তাৰিখে শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা শিশু আলোচনী ‘মৌচাক’ৰ প্ৰকাশ।
➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং নৰনাৰায়ণ সেতু মুকলি কৰা হৈছিল। এই পথ-ৰে’ল দলংখনৰ দৈৰ্ঘ্য ২.৩ কিলোমিটাৰ।।

You might also like
Leave A Reply

Your email address will not be published.