আজি ১৮ এপ্ৰিল

➡️আজিৰ দিনটো জিম্বাবৱেৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে পালন কৰা হয়।
➡️১৬১২চনৰ ১৮ এপ্ৰিল তাৰিখে মোগল সম্ৰাট জাহাংগীৰৰ পত্নী নুৰজাহানৰ ভতিজী আৰ্জুমণ্ড ভানু বেগমৰ (পিছলৈ মমতাজ মহল) লগত শ্বাহ জাহানৰ বিবাহ হৈছিল।
➡️১৮৫৯ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহৰ নেতা তান্তিয়া টোপীৰ (সম্পূৰ্ণ নাম ৰামচন্দ্ৰ ৰঘুনাথ টোপী) ফাঁচী হৈছিল।
➡️১৮৯৮ চনৰ এই দিনটোতে দুজন ইংৰাজ বিষয়া চাৰ্লছ ৰেণ্ড আৰু আৱাৰেষ্টক গুলীয়াই হত্যা কৰাৰ অভিযোগত ভাৰতীয় বিপ্লৱী দামোদৰ হৰি চাপেকাৰক ফাঁচি দিয়া হৈছিল।
➡️১৯৫১ চনৰ ১৮ এপ্ৰিল তাৰিখে আচাৰ্য বিনোৱা ভাৱেৰ ‘ভূ-দান আন্দোলন’ আৰম্ভ।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ আমেৰিকাৰ নিউ জাৰ্ছিত মৃত্যু হৈছিল। আইনষ্টাইনৰ মৃত্যুৰ ৫০ বছৰ পিছত তেওঁৰ দ্বাৰা আৱিষ্কৃত আপেক্ষিকতাবাদৰ তত্ত্বৰ শতবৰ্ষ উৎসৱ পালন কৰা হয় সমগ্ৰ বিশ্বতে।
➡️১৯৭১ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম জাম্বো জেট বিমান ব’য়িং-৭৪৭ সম্ৰাট অশোকৰ মুম্বাইত অৱতৰণ।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য ৰূপে কেৰালাক স্বীকৃতি।
➡️২০০২ চনৰ ১৮ এপ্ৰিল তাৰিখে নৰৱেৰ অভিযাত্ৰী থৰ হেয়াৰডেলৰ মৃত্যু হৈছিল। কলগছৰ ভূৰেৰে চলোৱা কনটিকি অভিযানৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছিল তেওঁ।।

You might also like
Leave A Reply

Your email address will not be published.