আজি ২১ এপ্ৰিল

➡️আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণীৰ জন্মদিন পালন কৰা হয়।
➡️১৮২৮ চনৰ ২১ এপ্ৰিল তাৰিখে প্ৰসিদ্ধ অভিধান ‘ৱেবষ্টাৰ ডিক্সনেৰী’ প্ৰথম প্ৰকাশ পাইছিল।
➡️১৮৯৪ চনৰ এই দিনটোতে জৰ্জ বৰ্নাৰ্ড শ্বৰ প্ৰসিদ্ধ নাট ‘আৰ্মছ এণ্ড দা মেন’ৰ প্ৰথম মঞ্চায়ন, লণ্ডনত। এইখনেই বৰ্নাৰ্ড শ্বৰ প্ৰথম মঞ্চস্থ নাটক।
➡️১৯০৭ চনৰ আজিৰ দিনটোতে উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ (বি এ জগন্নাথ) মৃত্যু হৈছিল।
➡️১৯২৬ চনৰ ২১ এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ লণ্ডনত জন্ম হৈছিল।
➡️১৯৩৮ চনৰ আজিৰ দিনটোতে উৰ্দু কবি ইকবালৰ মৃত্যু হৈছিল।
➡️১৯৪৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ (পিছলৈ আম্পায়াৰ) শ্ৰীনিৱাস ভেংকটৰাঘৱনৰ জন্ম হৈছিল।
➡️১৯৬০ চনৰ ২১ এপ্ৰিল তাৰিখে ব্ৰাছিলিয়া ব্ৰাজিলৰ ৰাজধানী হৈছিল। ইয়াৰ আগতে দেশখনৰ ৰাজধানী আছিল ফেলডেডোৰ।
➡️১৯৬৩ চনৰ আজিৰ দিনটোতে কবি-সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ এই দিনটোতে কলম্বোত তামিল বিদ্ৰোহীৰ বোমা বিস্ফোৰণত ১১৫ গৰাকী লোক নিহত হৈছিল।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে ইন্দৰ কুমাৰ গুজৰালৰ শপত গ্ৰহণ। ১৯৯৮ চনৰ ১৯ মাৰ্চলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
➡️২০০২ চনৰ ২১ এপ্ৰিল তাৰিখে ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলঙৰ নিৰ্মাণকাৰ্য প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা মুকলি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.