আজি ২৩ এপ্ৰিল

➡️আজিৰ দিনটো বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস হিচাপে পালন কৰা হয়।
➡️১৫০৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় শিখ গুৰু অংগদৰ জন্ম হৈছিল।
➡️১৬১৬ চনৰ ২৩ এপ্ৰিল তাৰিখে প্ৰসিদ্ধ ইংৰাজ নাট্যকাৰ আৰু কবি উইলিয়াম শ্বেইক্সপীয়েৰৰ মৃত্যু হৈছিল।
➡️১৯১৬ চনৰ এই দিনটোতে বাল গংগাধৰ তিলকৰ উদ্যোগত মহাৰাষ্ট্ৰত ‘হোমৰুল লীগ’ বা ‘স্বৰাজ লীগ’ গঠন হৈছিল।
➡️১৮৫০ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ মৃত্যু হৈছিল।
➡️১৮৫৮ চনৰ ২৩ এপ্ৰিল তাৰিখে জাৰ্মান বিজ্ঞানী মেক্স প্লাংকৰ জন্ম হৈছিল। কোৱাণ্টামবাদ প্লাংকৰ উল্লেখযোগ্য অৱদান।
➡️১৯৮০ চনৰ এই দিনটোতে প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল।
১৯৫৭ চনৰ পৰা ১৯৬৪ চনলৈ বিষ্ণুৰাম মেধিয়ে তামিলনাডুৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
➡️১৯৮৪ চনৰ আজিৰ দিনটোতে আৱিষ্কাৰ তথা চিনাক্তকৰণ হৈছিল এইডছৰ ভাইৰাছ ।
➡️১৯৯২ চনৰ এই দিনটোতে যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিত ৰায়ৰ মৃত্যু হৈছিল।
➡️২০০৭ চনৰ ২৩ এপ্ৰিল তাৰিখে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.