মণিপুৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা !

মণিপুৰত নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে দুটা পৃথক অভিযানত নিষিদ্ধ সংগঠনৰ দুজন বিদ্ৰোহীক আটক কৰিছে। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে এই দুই বিদ্ৰোহীক। ধৃত দুই বিদ্ৰোহী ইম্ফল পূব জিলা আৰু বিষ্ণুপুৰত পিপলছ লিবাৰেচন আৰ্মী (পিএলএ) আৰু ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (ইউএনএলএফ)ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা সপ্তাহত মণিপুৰত মাৰ পিপলছ কনভেনচন (ডেমক্ৰেটিক) এল কে মাৰ গোটৰ এজন স্বঘোষিত ‘প্ৰতিৰক্ষা সচিব’কে ধৰি ছয়জন বিদ্ৰোহীক আটক কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.