আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ উদ্ধাৰ!

মিজোৰামৰ আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ উদ্ধাৰ। দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সফল অভিযান অসম ৰাইফলছৰ আইজল বেটেলিয়নৰ। ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূব)ৰ অধীনত অসম ৰাইফলছৰ আইজল বেটেলিয়নে দেওবাৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আইজল জিলাৰ পৰা ১৯ কিলোমিটাৰ দক্ষিণে কেলচিহৰ ওচৰত চলোৱা হৈছিল এই অভিযান। কেলচিহ গাঁৱৰ ওচৰত অস্ত্ৰ আৰু ডব্লিউএলএছৰ সম্ভাৱ্য চোৰাং ব্যৱসায়ৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ আইজল বেটেলিয়নৰ জোৱানে এটা তালাচী অভিযান আৰম্ভ কৰি অঞ্চলটোত দুখন ভাড়াতীয়া বাহনৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। ঘটনা সন্দৰ্ভত চাৰি সন্দেহযুক্তক আটক কৰা হৈছে। অভিযান কালত অসম ৰাইফলছৰ আইজল বেটেলিয়নৰ জোৱানে উদ্ধাৰ কৰে ৩ টা পাম্প একচন শ্বটগান, ৫টা .22 ৰাইফল, ২০ বাকচ এয়াৰ পেলেট, ১ টা বাইপড, ১০ পিডিএফ ফ্লেগ, ৩ বাকচ পিডিএফ বেজ, ২ হাজাৰ মিটাৰ সুৰক্ষা ফিউজ, ৩ হাজাৰ কিলোগ্ৰাম জিলেটিন ষ্টিক আৰু প্ৰায় ১০০ কিলোগ্ৰাম বাৰুদসহ দুখন বাহন।

You might also like
Leave A Reply

Your email address will not be published.