অসম ৰাইফলছৰ লুংলেই বেটেলিয়নৰ বৃহৎ সফলতা

অসম ৰাইফলছৰ লুংলেই বেটেলিয়নৰ বৃহৎ সফলতা।বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ মিজোৰামত। বুধবাৰে অসম ৰাইফলছৰ লুংলেই বেটেলিয়নৰ সৈন্যই মিজোৰামৰ লংটলাইত উদ্ধাৰ কৰে বুজন পৰিমানৰ বিস্ফোৰকসহ যুদ্ধসদৃশ গোলা বাৰুদৰ ভাণ্ডাৰ। ঘটনা সন্দৰ্ভত অসম ৰাইফলছৰ সৈন্যই আটক কৰে দুজন অভিযুক্তক। এক গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ সৈন্যই লওংটালাইৰ এটা ঘৰত অভিযানত চলায় উদ্ধাৰ কৰে ৫৯ টা জিলেটিন ষ্টিক, ৪৯ টা ডিটোনেটৰ আৰু ৩ মিটাৰ কৰ্ডেক্স। ইফালে এজন সন্দেহজনক ব্যক্তিক সোধা-পোছাৰ পিছত অধিক বিস্ফোৰক সামগ্ৰী সংৰক্ষণ কৰা স্থান সম্পৰ্কে তথ্য লাভ কৰাত অসম ৰাইফলছৰ দলটোৱে আন এটা পৃথক অভিযান চলায়। অভিযানত উদ্ধাৰ হয় ৮০ টা জিলেটিন ষ্টিক, ১০০ টা ডিটোনেটৰ আৰু ৪০ মিটাৰ কৰ্ডেক্স।।

You might also like
Leave A Reply

Your email address will not be published.