নাগালেণ্ডত জব্দ ৩ কোটি টকাৰ হেৰ’ইন

নাগালেণ্ডৰ কোহিমা জিলাৰ অন্তৰ্গত পেডুচাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আৰক্ষীয়ে ৩ কোটি টকাৰ হেৰ’ইন জব্দ কৰিছে। কোহিমা আৰক্ষীৰ হাইৱে পেট্ৰলিং ইউনিটে পেডুচাত নিয়মীয়া তালাচীৰ সময়ত এখন সন্দেহজনক বাহন (মাৰুতি জিপচী)ৰ পৰা প্ৰায় ৬১৫ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ’ইনৰ ৪৯টা পেকেট উদ্ধাৰ কৰে।

হেৰ’ইন খিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি নাগালেণ্ড আৰক্ষীয়ে সদৰি কৰিছে।
সন্দেহজনক হেৰ’ইন সৰবৰাহৰ সৈতে জড়িত টাৰ্চুছ খাইচু (৩৩) আৰু মাতেচো ডিয়াৰচন (২৬) নামৰ ২ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও নাগালেণ্ড আৰক্ষীয়ে জানিবলৈ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.