কাশ্মীৰত নিহত ৩ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী!

জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত নিহত হিজব-উল- মুজাহিদীন (এইচএম)ৰ তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগামৰ চিৰচান টপ (বনাঞ্চল)ত সংঘটিত হোৱা এক সংঘৰ্ষত নিহত হৈছে আন দুই সন্ত্ৰাসবাদীৰ সৈতে পুৰণি হিজব-উল- মুজাহিদীন (এইচএম)ৰ কমাণ্ডাৰ আশ্ৰাফ মোলভি । নিহত আন দুই সন্ত্ৰাসবাদীক মহম্মদ ৰফিক দ্ৰংগে আৰু ৰোশন জামিৰ তান্ত্ৰে ওৰফে আকিব বুলি চিনাক্ত কৰা হৈছে।এই খবৰ টুইটযোগে সদৰি কৰিছে কাশ্মীৰ আৰক্ষীয়ে। উল্লেখ্য যে, ২০১৩ চনত হিজব-উল- মুজাহিদীনত যোগদান কৰা টেংপাৱা কোকেৰনাগৰ বাসিন্দা আশ্ৰাফ মোলভি কম দিনতে কাশ্মীৰ উপত্যকাৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীসকলৰ মাজৰ অন্যতম হৈ পৰিছিল।আৰক্ষীৰ তথ্য অনুসৰি, নিহত তিনি সন্ত্ৰাসবাদী আৰক্ষী আৰু সাধাৰণ লোকৰ ওপৰত আক্ৰমণকে ধৰি একাধিক গোচৰত জড়িত গোটৰ অংশ আছিল।

You might also like
Leave A Reply

Your email address will not be published.