কিউবাৰ ৰাজধানী হাভানাত ভয়ংকৰ বিস্ফোৰণ!

কিউবাৰ ৰাজধানী হাভানাত ভয়ংকৰ বিস্ফোৰণ।শুকুৰবাৰে হাভানাৰ ডাউনটাউনত এখন বিলাসী হোটেলত সংঘটিত হয় এই শক্তিশালী বিস্ফোৰণ। বিস্ফোৰণৰ ফলত ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৫০ জনৰো অধিক লোক। হোটেল চাৰাটোগাত বিস্ফোৰণটো গেছ লিকৰ ফলত সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। এক সংবাদমেলৰ জৰিয়তে হতাহতিৰ তথ্য নিশ্চিত কৰিছে কিউবাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ চিকিৎসা সেৱাৰ মুৰব্বী জুলিঅ গুয়েৰাই ।

উল্লেখ্য যে, নেচনেল কেপিটেল ভৱনৰ ওচৰত অৱস্থিত পাঁচ তাৰকা হোটেলখন দ্বীপ ৰাষ্ট্ৰ খনৰ পৰ্যটন উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ অংশ হিচাপে অহা কেইদিনমানৰ ভিতৰত পুনৰ মুকলি কৰাৰ প্ৰস্তুতি চলোৱা হৈছিল। ইফালে বিস্ফোৰণৰ পিছত কিউবাৰ ৰাষ্ট্ৰপতি মিগুৱেল ডিয়াজ-কেনেলে ঘটনাস্থলী পৰিদৰ্শনৰ পাছত হাভানাৰ চিকিৎসালয়লৈ গৈ আহতসকলৰ বুজ লয়।।

You might also like
Leave A Reply

Your email address will not be published.