নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা জব্দ ৬২ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন

ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)ৰ বৃহৎ সফলতা! নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা উদ্ধাৰ ৪৩৪ কোটি টকা মূল্যৰ ৬২ কিলোগ্ৰাম সন্দেহযুক্ত হেৰ’ইন। এইটো ভাৰতত কুৰিয়াৰ,কাৰ্গো,এয়াৰ যাত্ৰী পদ্ধতিৰ জৰিয়তে এতিয়ালৈকে জব্দ কৰা হেৰ’ইনৰ আটাইতকৈ বৃহৎ কনচাইনমেণ্ট । “ব্লেক এণ্ড হোৱাইট” নামেৰে চলোৱা এক অভিযানৰ জৰিয়তে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে এটা আমদানিকৃত কাৰ্গো কনচাইনমেণ্টৰ পৰা ৫৫ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। “ট্ৰলী বেগ”ৰ পাইপৰ ভিতৰত এই হেৰ’ইনখিনি লুকুৱায় অনা হৈছিল। পঞ্জাৱ আৰু হাৰিয়ানাত দ্ৰুত অভিযান চলাই জব্দ কৰে আন ৭ কিলোগ্ৰাম হেৰ’ইনসহ নগদ ৫০ লাখ টকা। উল্লেখ্য যে উগাণ্ডাৰ এণ্টেবেৰ পৰা অহা কাৰ্গো বিমানখন ডুবাই হৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এয়াৰ কাৰ্গো কমপ্লেক্সত উপস্থিত হৈছিলহি।।

You might also like
Leave A Reply

Your email address will not be published.