নিৰ্বাচনৰ পুৱাই ভূমিকম্পই কঁপালে কাৰ্বি আংলং!

পৰিষদীয় নিৰ্বাচনৰ পুৱাই এটা প্ৰচণ্ড ভূমিকম্পই কঁপালে কাৰ্বি আংলং। ভূমিকম্পটো সংঘটিত হৈছিল আজি পুৱা ৪.১৯ বজাত । ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্যত সংঘটিত হৈছিল ভূমিকম্পটো। ভূমিকম্পটোৰ গভীৰতা আছিল ১৮ কিলোমিটাৰ। এই পৰ্যন্ত ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ খৱৰ পোৱা নাই। এই বিষয়ে টুইটযোগে অৱগত কৰে ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই ।

You might also like
Leave A Reply

Your email address will not be published.