মায়ানগৰী মুম্বাইত অঘটন!

মায়ানগৰী মুম্বাইত অঘটন। মুম্বাইত এটা চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু। আহত ১২ জন লোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে।ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ কুৰ্লাৰ নায়েক নগৰ চছাইটিত। আহত সকলক ঘাটকোপাৰ আৰু চিয়ানৰ নাগৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। ইফালে অধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহত অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান। জানিব পৰা মতে, প্ৰায় ২০-২২ জন লোক ধ্বংসস্তুপত আৱদ্ধ হৈ আছিল। ঘটনাস্থলীত দুখন উদ্ধাৰকাৰী ভানসহ প্ৰায় এক ডজন অগ্নি নিৰ্বাপক বাহন মোতায়েন কৰা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.