বিবেকক ধিয়াই শিক্ষকে ঘূৰাই দিলে ৩ বছৰৰ দৰমহা

দেশজুৰি চৰ্চিত এগৰাকী শিক্ষকৰ প্ৰশংসনীয় দৃষ্টান্ত। শিক্ষাৰ্থী বিহীন শিক্ষকতাৰ অসাৰ কৰ্মসেৱাক অনুধাৱন কৰি ঘুৰাই দিলে নিজৰ ৩৩ মাহৰ দৰমহা। বিহাৰৰ মুজাফৰপুৰৰ নীতিশেশ্বৰ কলেজৰ সহকাৰি অধ্যাপক ললন কুমাৰে ৰচিলে এই বিৰল দৃষ্টান্ত। ২০১৯ চনত চাকৰিত যোগ দিয়া ললন কুমাৰৰ ক্লাছত ৩৩ মাহে উপস্থিত নাছিল এজনো শিক্ষাৰ্থী। যাৰ বাবে বিবেকক ধিয়াই বি. আৰ. আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক শিক্ষকজনে ঘুৰাই দিলে ৩৩ মাহৰ দৰমহাৰ বাবদ পোৱা ২৩ লাখ ৮২ হেজাৰ ২২৮ টকাৰ সমুদায় ধন।

You might also like
Leave A Reply

Your email address will not be published.