তেলেংগানাত শোকাৱহ পথ দুৰ্ঘটনা!

তেলেংগানাৰ নিজামাবাদ জিলাৰ মুপকালৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত দুটি শিশুসহ একে পৰিয়ালৰ চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খৱৰ মতে, পুৱা ৬:৩০ বজাত হায়দৰাবাদৰ পৰা মহাৰাষ্ট্ৰৰ ৱাৰ্ডা অভিমুখে এখন বাহনত গৈ থকা সময়ত সংঘটিত হয় দুৰ্ঘটনাটো । গাড়ী চলোৱা ব্যক্তিজনৰ টোপনি অহাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ সন্দেহ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰবেগী বাহনখনে ৰোড ডিভাইডাৰত খুন্দা মাৰি পথৰ সিটো পাৰে থকা চাইড ৰেলিং পৰ্যন্ত মহতীয়াই নিয়ে। আৰক্ষীয়ে ততাতৈয়াকৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।।

You might also like
Leave A Reply

Your email address will not be published.