আলু, খাব নে নাখাব?

নিউজ ডেস্ক, এন ই ভাৰতঃ

আলু, আলু, আলু
কোনে নাপাই ভাল বাৰু,
ভজা, পোৰা, সিজোৱা
সকলোতে মিলি যোৱা।

আমাৰ দৈনন্দিন খাদ্য তালিকাৰ এবিধ উল্লেখযোগ্য পাচলি হ’ল আলু। মানুহে সৰ্বাধিক খোৱা চাৰি বিধ পাচলিৰ আলু হ’ল অন্যতম। আমেৰিকা যুক্তৰাষ্ট্ৰত আলুৰ খেতি পৃথিৱীৰ ভিতৰতে বেছিকৈ কৰা হয়। আলুক বিজ্ঞানী সকলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্যসন্মত খাদ্য হিচাপে স্বীকৃতি দিছে। কিন্তু আলু খোৱাৰ বাবে উপযোগী নে অনুপযোগী এই বিষয়ে সঘনাই চৰ্চা চলি থাকে। আলুৰ বৈজ্ঞানিক নাম Solanum Tuberosum । ইয়াৰ ২০০ বিধ প্ৰজাতি খোৱাৰ বাবে উপযোগী। আলুত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, পটাচিয়াম, ছডিয়াম আদি থাকে। তাৰোপৰি ভিটামিন চি, ভিটামিন বি৬,ভিটামিন বি৩ , পেন্টথেনিক এচিড, ভিটামিন এ, ভিটামিন৬ আদি থাকে। আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, কেলছিয়াম, জিংক, ফছফৰাচ আদিও আলুত প্ৰচুৰ পৰিমাণে থাকে।
আলুৰ উপকাৰীতা-
 আলুত থকা মেগনেচিয়াম আৰু পটাচিয়ামে হাড়ক সুৰক্ষা দিয়ে।
 আলুত থকা পটাচিয়ামে নিদ্ৰাহীনতা নাশ কৰে।
 আলুত থকা ফাইবাৰে পাক প্ৰণালীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 বৃক্কত পাথৰ হ’লে আলুৰ সৈতে পানী বেছিকৈ খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।
 আলুত থকা ভিটামিন-চি য়ে স্কাৰ্ভি প্ৰতিৰোধ কৰে।
 ঋতুস্ৰাৱৰ সময়ত আলুৱে মনৰ উদ্বিগ্নতা হ্ৰাস কৰে।
 আলুত থকা পটাচিয়ামে তেজৰ নলী বহলাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰে।
 আলুত থকা ভিটামিন আৰু পটাচিয়ামে হৃদৰোগৰ পৰা শৰীৰক আতৰাই ৰাখে।
 আলুত থকা এন্টিঅক্সিডেন্টে আমাৰ শৰীৰৰ অপকাৰী ফ্ৰী ৰেডিকেল বিনাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
 আলু মস্তিস্কৰ ৰোগৰ বাবেও উপকাৰী। ইয়াত থকা আলফা লিপ’য়িক এচিড আৰু কোএনজাইমে এলঝাইমাৰ আৰু মানসিক ৰোগ প্ৰতিৰোধ কৰে।
 পোৰা ছালত কেঁচা আলুৰ প্ৰলেপ দিলে উপসম পোৱা যায়।
 আলুৱে ছালৰ ৰং উজ্জ্বল কৰাৰ উপৰিও চকুৰ ক’লা দাগ আঁতৰ কৰে। এলাৰ্জিতো আলুৱে ক্ৰিয়া কৰে।
 আলুৱে ইলেকট্ৰলাইট সন্তুলিত কৰি মাংসপেশীৰ সংকোচন হ্ৰাস কৰে।
ফলত খেলুৱৈৰ দক্ষতা বৃদ্ধি পায়।

অপকাৰীতা-
 আলুত High Glycemic Index থাকে। সেয়ে মধুমেহ ৰোগীয়ে কম পৰিমাণে আলু ব্যৱহাৰ কৰিব লাগে।
 আলুৰ কেলৰিয়ে ওজন বৃদ্ধি কৰে।
 তেজ পাতল কৰি ৰখা দৰৱে আলুৰ সৈতে Drug interaction কৰে। তেনে দৰৱ ব্যৱহাৰ কৰি থাকিলে আলু কমকৈ খাব লাগে। অন্যথা ৰক্তক্ষৰণ বা তেজ গোট মৰাত পলম হ’ব পাৰে।।

You might also like
Leave A Reply

Your email address will not be published.