➡️আজি অভিযন্তা দিৱস।
➡️আজি সঞ্চায়িকা দিৱস।
➡️১৮৩০ চনৰ ১৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ৰে’ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰা হৈছিল। সেইদিনাই জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ‘ৰকেট’ নামৰ ইঞ্জিনটো টনা ভাপচালিত ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল।
➡️১৮৬০ চনৰ আজিৰ দিনটোতে আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাতা, স্থাপতি এম বিশ্বোশ্বায়াৰৰ জন্ম হৈছিল।
➡️১৮৯০ চনৰ আজিৰ দিনটোতে ৰহস্য সাহিত্যৰ কিংবদন্তি লেখিকা আগাথা ক্ৰিষ্টিৰ জন্ম হৈছিল।
➡️১৯১৬ চনৰ আজিৰ দিনটোত শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী এম এছ শুভলক্ষ্মীৰ (সম্পূৰ্ণ নাম মাদুৰাই শ্বানমুগাভাডিভু শুভলক্ষ্মী) জন্ম হৈছিল।
➡️দিল্লীত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হৈছিল ১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত।
➡️১৯৮৯ চনৰ আজিৰ দিনটোতে ব্ৰৰছন-মেটকাফ নামৰ ধুমকেতু এটা সূৰ্যৰ পৰা ৮৬০ লাখ কিলোমিটাৰ দূৰত অৱস্থান কৰিছিল।
➡️২০০১ চনৰ ১৫ ছেপ্তেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন তালিবানশাসিত আফগানিস্তানত থকাৰ পৰিপ্ৰক্ষিতত আমেৰিকাই আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।।