ধাবাৰ ফ্ৰীজত যুৱতীৰ মৃতদেহ ! শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি। দিল্লীত পুনৰ চৰ্চালৈ আহিছে শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰেই আন এক জঘণ্য হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীয়ে এখন ধাবাৰ ফ্ৰীজত উদ্ধাৰ কৰে এগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি উদ্ধাৰ কৰা মৃতদেহটো ২২ বছৰীয়া নিকি যাদৱৰ। ২৬ বছৰীয়া ছাহিল গেহলট নামৰ এজন যুৱকৰ সৈতে লিভ-ইন ৰিলেচনত আছিল নিকি। জানিব পৰা মতে ২০১৮ চনত চিনাকী হৈছিল নিকি-ছাহিল। আৰু চাৰ পাছৰে পৰা লিভ-ইন ৰিলেচনত আছিল দুয়ো। প্ৰায় ৪ টা বছৰ লিভ-ইন ৰিলেচনত থকাৰ পাছতো ছাহিলে তেওঁলোকৰ সম্পৰ্ক ঘৰত জনোৱাৰ পৰিৱৰ্তে এগৰাকী বেলগ যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ সাজু হৈছিল ছাহিল। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ১০ ফেব্ৰুৱাৰীত অন্য এগৰাকী যুৱতীৰ সৈতে ছাহিলৰ বিয়াৰ দিন ঠিক কৰিছিল পৰিয়ালৰ লোকে। এই বিষয়টোক লৈ দুয়োৰে মাজত আৰম্ভ হৈছিল তৰ্ক যাৰ পৰিণতিত ছাহিল গেহলটে নৃশংসভাৱে হত্যা কৰে নিকি যাদৱক। ১০ ফেব্ৰুৱাৰীৰ দিনা পুৱাৰভাগত দিল্লীৰ ISBT ৰ সমীপত এখন বাহনত নিকিক ডিঙি চেপি হত্যা কৰাৰ পাছত গোটেই দিনটো মৃতদেহ লৈ বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ অন্তত আবেলি এখন ধাবাৰ ফ্ৰীজত লুকুৱাই থয় নিকিৰ মৃতদেহ। আৰু তাৰ পাছত সন্ধিয়াৰ ভাগলৈ পৰিয়ালৰ লোকে ঠিক কৰি দিয়া যুৱতী গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় বুলি আৰক্ষীৰ জেৰাত নিৰ্ভিক স্বীকাৰোক্তি ছাহিল গেহলটৰ। এই জঘণ্য হত্যাকাণ্ড সন্দৰ্ভত ১৪ ফেব্ৰুৱাৰী দিনটোত খবৰ পোৱাত অভিযান চলায় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ছাহিল গেহলটক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like