১৪০ কোটি টকা মূল্যৰ সোণ জব্দ!

অন্তৰ্বাস আৰু জোতাত লুকুৱাই ৰখা অৱস্হাত জব্দ বৃহৎ পৰিমানৰ সোণ

নেচনেল ডেস্ক:

মুম্বাইত শুল্ক বিভাগৰ বৃহৎ সফলতা। বিদেশী নাগৰিকৰ পৰা অন্তৰ্বাস আৰু জোতাত লুকুৱাই ৰখা অৱস্হাত জব্দ কৰে বৃহৎ পৰিমানৰ সোণ। মুম্বাই বিমানবন্দৰত শুল্ক বিভাগে আদিছ আবাডাৰ পৰা মুম্বাইলৈ অহা তিনিজন বিদেশী নাগৰিকৰ পৰা জব্দ কৰে সোণ খিনি। জব্দকৃত সোণখিনিৰ ওজন ৩ কিলোগ্ৰামতকৈও অধিক আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ১৪০ কোটি টকা। অভিযুক্তকেইজনে তেওঁলোকৰ অন্তৰ্বাসত আৰু জোতাৰ তলুৱাত সোণখিনি লুকুৱাই ৰাখিছিল বুলি তথ্য প্ৰকাশ কৰে মুম্বাই শুল্ক বিভাগে। ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে ।।

You might also like
Leave A Reply

Your email address will not be published.